ইনষ্টল কৰা
একো ইনষ্টল নকৰাকৈ ব্ৰাউজাৰতে অসমীয়া ব্যৱহাৰ কৰিব পাৰি। নিজৰ কম্পিউটাৰত প্ৰগ্ৰাম চলাবলৈ asomiya কমাণ্ডটো ইনষ্টল কৰক।
অনলাইনত চলাই চাওক
প্লেগ্ৰাউণ্ড-এ আপোনাৰ ব্ৰাউজাৰতে সঁচা ইণ্টাৰপ্ৰেটাৰটো চলায়। কোনো চাৰ্ভাৰলৈ একো নাযায়।
কি লাগিব
Node.js ২০ বা তাতকৈ নতুন সংস্কৰণ লাগিব। আপোনাৰ সংস্কৰণ চাওক:
$ node --version
ইনষ্টল কৰক
$ npm install -g asomiya
-g-ৰ বাবে asomiya কমাণ্ডটো সকলোতে ব্যৱহাৰ কৰিব পাৰি। চলিছে নে নাই চাওক:
$ asomiya --version
সাৱধান
asomiya: command not found দেখুৱাইছে? হয়তো -g নিদিয়াকৈ ইনষ্টল কৰিলে। npm install -g asomiya চলাওক, বা ইনষ্টল নকৰাকৈ এবাৰ ব্যৱহাৰ কৰক: npx asomiya।
ফাইল চলাওক
hello.asom নামৰ এটা ফাইল বনাওক আৰু তাত এই শাৰীটো লিখক:
কোৱা("নমস্কাৰ, অসম!")
নমস্কাৰ, অসম!
kowa("Nomoskar, Oxom!")
Nomoskar, Oxom!
তাৰ পিছত চলাওক:
$ asomiya run hello.asom
REPL
অকল asomiya লিখিলে REPL আৰম্ভ হয়, য’ত Enter টিপাৰ লগে লগে প্ৰতিটো শাৰী চলে। পৰীক্ষা কৰাৰ আটাইতকৈ সহজ উপায়। সহায়ৰ বাবে .সহায় আৰু ওলাই যাবলৈ .প্ৰস্থান (বা Ctrl+D) লিখক।
$ asomiya
আপডেট বা আনইনষ্টল
$ npm install -g asomiya@latest
$ npm uninstall -g asomiya
ক’ড লিখা
যিকোনো টেক্সট এডিটৰ চলিব। ফাইলবোৰ UTF-8 ত .asom এক্সটেনচনৰে সাঁচক। অসমীয়া লিপিত লিখিবলৈ ছিষ্টেম ছেটিংছত অসমীয়া কীব’ৰ্ড যোগ কৰক, বা ইংৰাজী আখৰত লিখক।